Assamese Abridged Explanation of the Quran
68:46 - 68:46

হে ৰাছুল, আপুনি সিহঁতক সত্যৰ ফালে আহ্বান কৰাৰ কাৰণে কোনো বিনিময় বিচাৰিছে নেকি যে, যাৰ ডাঙৰ বোজাৰ কাৰণে সিহঁতে ভাৰাক্ৰান্ত হৈ পৰিছে আৰু আপোনাৰ পৰা বিসংগতা অৱলম্বন কৰি আছে ? বৰঞ্চ সত্য ইয়াৰ বিপৰীতহে। আপুনি সিহঁতৰ পৰা কোনো বিনিময় নিবিচাৰে। গতিকে সিহঁতে আপোনাৰ আনুগত্য কিয় কৰা নাই?