Assamese Abridged Explanation of the Quran
68:51 - 68:51

কাফিৰসকল আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰী সকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কুৰআন শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায় যেনিবা আপোনাক বাগৰাই দিব। আৰু সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা মুখ ওভতাই কয়ঃ এই কোৰআন আনা ৰাছুল পাগলহে।