Assamese Abridged Explanation of the Quran
71:21 - 71:21

নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰদায়ে মোক অমান্য কৰিছে লগতে তোমাৰ তাওহীদ আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে আৰু সিহঁতৰ নিম্ন স্তৰৰ লোকসকলে নিজৰ নেতাসকলৰ কথা মানিছে। যিসকলক তুমি ধন-সম্পদ, সন্তান-সন্ততি প্ৰদান কৰিছা। অথচ তোমাৰ এই উপকাৰে সিহঁতৰ পথভ্ৰষ্টতাক বৃদ্ধি কৰাৰ কাম কৰিছে।