Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 23

وَٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ ٱللَّهِ وَلِقَآئِهِۦٓ أُوْلَٰٓئِكَ يَئِسُواْ مِن رَّحۡمَتِي وَأُوْلَٰٓئِكَ لَهُمۡ عَذَابٌ أَلِيمٞ ٢٣
যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে।