Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 33

وَلَمَّآ أَن جَآءَتۡ رُسُلُنَا لُوطٗا سِيٓءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعٗاۖ وَقَالُواْ لَا تَخَفۡ وَلَا تَحۡزَنۡ إِنَّا مُنَجُّوكَ وَأَهۡلَكَ إِلَّا ٱمۡرَأَتَكَ كَانَتۡ مِنَ ٱلۡغَٰبِرِينَ ٣٣
সেই ফিৰিস্তাসকল যেতিয়া লূত আলাইহিচ্ছালামৰ ওচৰত আহি উপস্থিত হ’ল, যিসকলক আমি লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে প্ৰেৰণ কৰিছিলোঁ। তেতিয়া লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ অশ্লীল স্বভাৱৰ কথা ভাৱিলে আৰু তেওঁলোকৰ আগমনে তেওঁক চিন্তিত তথা শংকিত কৰি তুলিলে। কাৰণ ফিৰিস্তাসকল আহিছিল পুৰুষৰ আকৃতিত। ইপিনে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যৌন চাহিদা পুৰণ কৰিবলৈ নাৰীসকলক এৰি পুৰুষসকলৰ লগত যৌন মিলন কৰিছিল। ফিৰিস্তাসকলে তেওঁক ক’লেঃ শংকিত নহ’ব, আপোনাৰ সম্প্ৰদায়ৰ কোনেও আপোনাক অনিষ্ট কৰিবলৈ আহিব নোৱাৰিব। লগতে সিহঁতৰ ধ্বংসৰ খবৰ শুনি আপুনি চিন্তিতও নহ’ব। নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিম, কিন্তু আপোনাৰ স্ত্ৰীৰ বাহিৰে; কাৰণ তাই ধ্বংস হ’বলগীয়া লোকসকলৰ সৈতে অৱস্থান কৰিব। শীঘ্ৰেই আমি তাইক সিহঁতৰ সৈতে ধ্বংস কৰিম।