Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 68

وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِٱلۡحَقِّ لَمَّا جَآءَهُۥٓۚ أَلَيۡسَ فِي جَهَنَّمَ مَثۡوٗى لِّلۡكَٰفِرِينَ ٦٨
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে, যিয়ে আল্লাহৰ বিষয়ে মিছা কথা ৰচনা কৰি তথা তেওঁৰ অংশীদাৰ স্থাপন কৰি প্ৰচাৰ কৰে। অথবা ৰাছুলে যি লৈ আহিছে সেই সত্যক অস্বীকাৰ কৰে। ইয়াত কোনো সন্দেহ নাই যে, কাফিৰসকল আৰু ইয়াৰ সমপৰ্যায়ৰ লোকসকলৰ বাবে জাহান্নামত হ’ব সিহঁতৰ বাসস্থান।