Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-'Ankabut — Ayah 8

وَوَصَّيۡنَا ٱلۡإِنسَٰنَ بِوَٰلِدَيۡهِ حُسۡنٗاۖ وَإِن جَٰهَدَاكَ لِتُشۡرِكَ بِي مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٞ فَلَا تُطِعۡهُمَآۚ إِلَيَّ مَرۡجِعُكُمۡ فَأُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ٨
আমি মানুহক নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন নিজৰ পিতৃ-মাতৃৰ সৈতে সদাচৰণ কৰে তথা সদ্ব্যৱহাৰ কৰে। হে মানৱ! যদি তোমাৰ পিতৃ-মাতৃয়ে মোৰ লগত শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো বিষয়ত তোমাৰ কোনো জ্ঞান নাই, -যেনে চাআদ বিন আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ মাতৃয়ে তেওঁক হেঁচা প্ৰয়োগ কৰিছিল- এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কথা নামানিবা। কাৰণ সৃষ্টিকৰ্তাৰ অবাধ্যতা কৰি, সৃষ্টিৰ আদেশ পালন কৰাটো কেতিয়াও বৈধ নহয়। কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ মোৰ ওচৰতেই উভতি আহিবা। গতিকে সেইদিনা মই তোমালোকক সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰাম, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা। তথা তোমালোকক সেইবোৰৰ প্ৰতিদানো প্ৰদান কৰিম।