Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 10

خَلَقَ ٱلسَّمَٰوَٰتِ بِغَيۡرِ عَمَدٖ تَرَوۡنَهَاۖ وَأَلۡقَىٰ فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِكُمۡ وَبَثَّ فِيهَا مِن كُلِّ دَآبَّةٖۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ فَأَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجٖ كَرِيمٍ ١٠
পৱিত্ৰ তথা মহান আল্লাহে আকাশমণ্ডলক কোনো খুঁটা নোহোৱাকৈ সুউচ্চ কৰি ৰাখিছে। লগতে পৃথিৱীত প্ৰতিষ্ঠিত কৰিছে সুদৃঢ় পৰ্বতমালা, যাতে পৃথিৱীয়ে তোমালোকক বহন কৰি লৰচৰ কৰিব নোৱাৰে। লগতে পৃথিৱীৰ ওপৰত প্ৰসাৰিত কৰিছে বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু। তেৱেঁই আকাশৰ পৰা পানী বৰষায়, যাৰ ফলত পৃথিৱীৰ বুকুত সৌন্দৰ্যময় বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হয়, যিবোৰৰ দ্বাৰা মানুহ আৰু জীৱ-জন্তু সকলোৱে উপকৃত হয়।