Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 15

وَإِن جَٰهَدَاكَ عَلَىٰٓ أَن تُشۡرِكَ بِي مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٞ فَلَا تُطِعۡهُمَاۖ وَصَاحِبۡهُمَا فِي ٱلدُّنۡيَا مَعۡرُوفٗاۖ وَٱتَّبِعۡ سَبِيلَ مَنۡ أَنَابَ إِلَيَّۚ ثُمَّ إِلَيَّ مَرۡجِعُكُمۡ فَأُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ١٥
পিতৃ-মাতৃয়ে যদি তোমাক আল্লাহৰ সৈতে শ্বিৰ্ক কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, তেন্তে এই ক্ষেত্ৰত তুমি তেওঁলোকৰ কথা নামানিবা। কাৰণ আল্লাহৰ অবাধ্যতা কৰি সৃষ্টিৰ আনুগত্য কৰাটো কেতিয়াও বৈধ নহয়। ইয়াৰ বাহিৰে, তেওঁলোকৰ সৈতে পৃথিৱীত সদ্ব্যৱহাৰ কৰিবা, সদাচৰণ কৰিবা আৰু আত্মীয়তাৰ প্ৰাপ্য অধিকাৰ সম্পূৰ্ণৰূপে আদায় কৰিবা। লগতে সেইসকল লোকৰ পথ অনুসৰণ কৰিবা, যিসকলে তাওহীদ আৰু আনুগত্যৰ জৰিয়তে মোৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোক সকলোৱে মোৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া মই তোমালোকক জনাই দিম যে, তোমালোকে পৃথিৱীত কি কি কৰ্ম কৰিছিলা। আৰু তোমালোকক সেইবোৰৰ প্ৰতিদানো দান কৰিম।