Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 25

وَلَئِن سَأَلۡتَهُم مَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ لَيَقُولُنَّ ٱللَّهُۚ قُلِ ٱلۡحَمۡدُ لِلَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٢٥
হে ৰাছুল! আপুনি যদি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডল কোনে সৃষ্টি কৰিছে? তথা পৃথিৱী কোনে সৃষ্টি কৰিছে? তেন্তে সিহঁতে নিশ্চয় ক’বঃ আল্লাহে সৃষ্টি কৰিছে। আপুনি সিহঁতক কৈ দিয়কঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে তোমালোকৰ ওপৰত প্ৰমাণ স্পষ্ট কৰি দিছে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নিজৰ অজ্ঞানতাৰ কাৰণে নাজানে যে, প্ৰকৃত প্ৰশংসাৰ উপযুক্ত কোন।