Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Luqman — Ayah 30

ذَٰلِكَ بِأَنَّ ٱللَّهَ هُوَ ٱلۡحَقُّ وَأَنَّ مَا يَدۡعُونَ مِن دُونِهِ ٱلۡبَٰطِلُ وَأَنَّ ٱللَّهَ هُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ ٣٠
এইবোৰৰ যোগান আৰু নিৰ্ধাৰণে এই কথাৰ সাক্ষ্য বহন কৰে যে, একমাত্ৰ আল্লাহেই সত্য। তেওঁ সত্তাগতভাৱে, বৈশিষ্ট্যগতভাৱে আৰু তেওঁৰ সকলো কৰ্মত সত্যবাদী। আনহাতে মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ উপাস্যৰ উপাসনা কৰে সেই সকলোবোৰ হৈছে অসত্য, তথা সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় তেওঁ সত্তাগতভাৱে, শক্তি সমাৰ্থৰ ফালেৰে তেওঁৰ সকলো সৃষ্টিতকৈ মহান তথা সুউচ্চ। তেওঁৰ ওপৰত আন কোনো নাই। তেৱেঁই সকলোতকৈ মহান।