Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 19

أَشِحَّةً عَلَيۡكُمۡۖ فَإِذَا جَآءَ ٱلۡخَوۡفُ رَأَيۡتَهُمۡ يَنظُرُونَ إِلَيۡكَ تَدُورُ أَعۡيُنُهُمۡ كَٱلَّذِي يُغۡشَىٰ عَلَيۡهِ مِنَ ٱلۡمَوۡتِۖ فَإِذَا ذَهَبَ ٱلۡخَوۡفُ سَلَقُوكُم بِأَلۡسِنَةٍ حِدَادٍ أَشِحَّةً عَلَى ٱلۡخَيۡرِۚ أُوْلَٰٓئِكَ لَمۡ يُؤۡمِنُواْ فَأَحۡبَطَ ٱللَّهُ أَعۡمَٰلَهُمۡۚ وَكَانَ ذَٰلِكَ عَلَى ٱللَّهِ يَسِيرٗا ١٩
হে মুমিনসকল! সিহঁতে তোমালোকৰ প্ৰতি অতি কৃপণালী কৰে। ধন-সম্পদৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেইকাৰণেই তোমালোকক সহায় কৰিবলৈ ব্যয় নকৰে। শাৰীৰিক দিশতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত মিলি যুদ্ধ নকৰে। বন্ধত্বৰ ক্ষেত্ৰতো কৃপণালী কৰে, সেয়ে তোমালোকৰ লগত বন্ধুত্ব নকৰে। শত্ৰুৰ লগত মোকাবিলাৰ সময়ত যেতিয়া সিহঁত ভীত-সন্ত্ৰস্ত হয়, হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব, সিহঁতে কাপুৰুষৰ নিচিনা মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই আপোনাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া সিহঁতৰ এই ভয় দূৰ হয়, তথা সিহঁত নিশ্চিন্ত হয় তেতিয়া সিহঁতে আপোনাক কথাৰ জৰিয়তে কটাক্ষ কৰি কষ্ট দিয়ে। সিহঁত হৈছে যুদ্ধলব্ধ সম্পদৰ লোভী, সেই সম্পদ লাভৰ আশাত সদায় ঘাত পাতি থাকে। এনেকুৱা বৈশিষ্ট্যৰ লোকসকলে কেতিয়াও প্ৰকৃত মুমিন হ’ব নোৱাৰে। সেইকাৰণেই আল্লাহে সিহঁতৰ কৰ্মৰ প্ৰতিফল ব্যৰ্থ কৰি দিছে। এই ব্যৰ্থ প্ৰক্ৰিয়া আল্লাহৰ বাবে অতি সহজ।