Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 27

وَأَوۡرَثَكُمۡ أَرۡضَهُمۡ وَدِيَٰرَهُمۡ وَأَمۡوَٰلَهُمۡ وَأَرۡضٗا لَّمۡ تَطَـُٔوهَاۚ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٗا ٢٧
এতেকে সিহঁতক ধ্বংস কৰাৰ পিছত আল্লাহে সিহঁতৰ ভূমি আৰু খেতি-বাতি তথা সিহঁতৰ খেজুৰ বাগান আদি তোমালোকৰ অধীনস্থ কৰিছিল। লগতে সিহঁতৰ ঘৰ-দুৱাৰ আৰু অন্যান্য সা-সম্পত্তিৰো তোমালোকক মালিক বনাই দিছিল। তথা তেওঁ তোমালোককক খয়বৰ ভূমিৰ স্বত্বাধিকাৰী বনাব, য'ত তোমালোকে এতিয়াও পদাৰ্পন কৰা নাই। কিন্তু অতিশীঘ্ৰে তোমালোকে সেইটোক ভৰিৰে মোহাৰিবা। মুমিনসকলৰ বাবে এইটো এটা প্ৰতিশ্ৰুতি তথা সুসংবাদ। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। একোৱেই তেওঁৰ সাধ্যাতীত নহয়।