Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 32

يَٰنِسَآءَ ٱلنَّبِيِّ لَسۡتُنَّ كَأَحَدٖ مِّنَ ٱلنِّسَآءِ إِنِ ٱتَّقَيۡتُنَّۚ فَلَا تَخۡضَعۡنَ بِٱلۡقَوۡلِ فَيَطۡمَعَ ٱلَّذِي فِي قَلۡبِهِۦ مَرَضٞ وَقُلۡنَ قَوۡلٗا مَّعۡرُوفٗا ٣٢
হে নবী-মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পত্নীসকল! তোমালোকে মান-মৰ্যাদা আৰু সন্মানৰ ক্ষেত্ৰত আন আন মহিলাসকলৰ দৰে নহয়। যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা তেন্তে তোমালোকে শ্ৰেষ্ঠতা আৰু মান-সন্মানৰ সেই উচ্চ শিখৰত উপনীত হ’বা, য’ত উপনীত হোৱা অন্যান্য মহিলাসকলৰ বাবে অসম্ভৱ। এতেকে যেতিয়া তোমালোকে অপৰিচিত লোকৰ সৈতে কথা ক’বা তেতিয়া কোমল কণ্ঠত তথা আকৰ্ষিত সুৰত কথা নক’বা। অন্যথা যাৰ অন্তৰত নিফাক আছে নাইবা হাৰাম কৰ্মত লিপ্ত হোৱাৰ ইচ্ছা আছে, সি লোভত পৰি বাট চাই থাকিব। এতেকে সন্দেহ-সংশয় নথকা গাম্ভীৰ্য্যপূৰ্ণ কথা পাতিবা, লগতে হাঁহি-ধেমালি নকৰিবা আৰু সদায় প্ৰয়োজনীয় কথাহে ক’বা।