Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 37

وَإِذۡ تَقُولُ لِلَّذِيٓ أَنۡعَمَ ٱللَّهُ عَلَيۡهِ وَأَنۡعَمۡتَ عَلَيۡهِ أَمۡسِكۡ عَلَيۡكَ زَوۡجَكَ وَٱتَّقِ ٱللَّهَ وَتُخۡفِي فِي نَفۡسِكَ مَا ٱللَّهُ مُبۡدِيهِ وَتَخۡشَى ٱلنَّاسَ وَٱللَّهُ أَحَقُّ أَن تَخۡشَىٰهُۖ فَلَمَّا قَضَىٰ زَيۡدٞ مِّنۡهَا وَطَرٗا زَوَّجۡنَٰكَهَا لِكَيۡ لَا يَكُونَ عَلَى ٱلۡمُؤۡمِنِينَ حَرَجٞ فِيٓ أَزۡوَٰجِ أَدۡعِيَآئِهِمۡ إِذَا قَضَوۡاْ مِنۡهُنَّ وَطَرٗاۚ وَكَانَ أَمۡرُ ٱللَّهِ مَفۡعُولٗا ٣٧
হে ৰাছুল! যেতিয়া আপুনি তাক কৈছিল, যাক আল্লাহে ইছলাম গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰি উপকাৰ কৰিছে, আনকি যাক দাসত্বৰ জীৱনৰ পৰা স্বাধীনতা প্ৰদান কৰি আপুনিও কৃপা কৰিছে, তেওঁ হৈছে যায়েদ বিন হাৰিছা ৰাদ্বিয়াল্লাহু আনহু। যেতিয়া তেওঁ নিজৰ পত্নী জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাক তালাক দিয়াৰ ক্ষেত্ৰত পৰামৰ্শ কৰিবলৈ আপোনাৰ ওচৰলৈ আহিছিল, আৰু আপুনি তেওঁক পৰামৰ্শ প্ৰদান কৰি কৈছিলঃ “তুমি তোমাৰ স্ত্ৰীক তালাক নিদিবা, বৰং তাইৰ সৈতে সুসম্পৰ্ক বজায় ৰখা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা”। হে ৰাছুল! ইপিনে আপুনি আপোনাৰ অন্তৰত মানুহৰ ভয়ত আল্লাহৰ সেই অহী গোপন কৰি ৰাখিছিল, যিটো জয়নবৰ সৈতে আপোনাৰ বিবাহ সম্পৰ্কীয় অহী আল্লাহে আপোনাৰ ওচৰলৈ অৱতীৰ্ণ কৰিছিল। আনহাতে আল্লাহে শীঘ্ৰেই যায়েদৰ তালাক আৰু আপোনাৰ বিবাহ সম্পৰ্কীয় বিষয়টো প্ৰকাশ কৰাৰ প্ৰস্তুতি লৈছিল। কাৰণ এইক্ষেত্ৰত আপোনাৰ পক্ষে মানুহক ভয় নকৰি আল্লাহক ভয় কৰাটো অধিক উচিত আছিল। এতেকে যায়েদে যেতিয়া নিজৰ সন্তুষ্টচিত্তে জয়নবৰ পৰা পৃথক হোৱাৰ মনস্থ কৰিলে তথা জয়নবক তালাক প্ৰদান কৰিলে, তেতিয়া আমি জয়নবৰ বিবাহ আপোনাৰ সৈতে পাতিলোঁ। যাতে তুলনীয়া পুত্ৰৰ তালাকপ্ৰাপ্তা তথা ইদ্দত পাৰ কৰা স্ত্ৰীক বিবাহ কৰাৰ ক্ষেত্ৰত মুমিনসকলে সংকোচবোধ নকৰে। নিশ্চিতভাৱে আল্লাহৰ আদেশ কাৰ্যকৰী হোৱাটোৱে নিশ্চিত। তেওঁক কোনেও বাধা প্ৰদান কৰিব নোৱাৰে আৰু কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে।