Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 50

يَٰٓأَيُّهَا ٱلنَّبِيُّ إِنَّآ أَحۡلَلۡنَا لَكَ أَزۡوَٰجَكَ ٱلَّٰتِيٓ ءَاتَيۡتَ أُجُورَهُنَّ وَمَا مَلَكَتۡ يَمِينُكَ مِمَّآ أَفَآءَ ٱللَّهُ عَلَيۡكَ وَبَنَاتِ عَمِّكَ وَبَنَاتِ عَمَّٰتِكَ وَبَنَاتِ خَالِكَ وَبَنَاتِ خَٰلَٰتِكَ ٱلَّٰتِي هَاجَرۡنَ مَعَكَ وَٱمۡرَأَةٗ مُّؤۡمِنَةً إِن وَهَبَتۡ نَفۡسَهَا لِلنَّبِيِّ إِنۡ أَرَادَ ٱلنَّبِيُّ أَن يَسۡتَنكِحَهَا خَالِصَةٗ لَّكَ مِن دُونِ ٱلۡمُؤۡمِنِينَۗ قَدۡ عَلِمۡنَا مَا فَرَضۡنَا عَلَيۡهِمۡ فِيٓ أَزۡوَٰجِهِمۡ وَمَا مَلَكَتۡ أَيۡمَٰنُهُمۡ لِكَيۡلَا يَكُونَ عَلَيۡكَ حَرَجٞۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا ٥٠
হে নবী! আমি আপোনাৰ বাবে সেইসকল স্ত্ৰী হালাল কৰিছোঁ, যিসকলৰ মোহৰানা আপুনি প্ৰদান কৰিছে। লগতে আমি আপোনাৰ বাবে হালাল কৰিছোঁ সেইসকল দাসীকো, যিসকলক আল্লাহে আপোনাৰ বাবে যুদ্ধলব্ধ সম্পদ হিচাপে আপোনাৰ অধীনস্থ কৰিছে। লগতে আমি আপোনাৰ বাবে আপোনাৰ খুৰাৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আপোনাৰ জেঠাই-পেহীৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, মোমায়েৰৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আৰু আপোনাৰ জেঠাই-মাহীহঁতৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, যিসকলে আপোনাৰ সৈতে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰি আহিছে। লগতে সেইসকল নাৰীকো আপোনাৰ বাবে বৈধ কৰিছোঁ, যিসকলে কোনো মোহৰানা নোহোৱাকৈ আপোনাৰ ওচৰত নিজকে সমৰ্পন কৰিব বিচাৰে, গতিকে আপুনি ইচ্ছা কৰিলে তাইহঁতক বিবাহ কৰিব পাৰে। মোহৰানা বিহীন এই দানবিবাহ কেৱল আপোনাৰ বাবেহে বৈধ। আপোনাৰ বাহিৰে উম্মতৰ আন কাৰো বাবে এই বিবাহ বৈধ নহয়। মুমিনসকলৰ বিবাহৰ ক্ষেত্ৰত আমি তেওঁলোকৰ বাবে যি বৈধ কৰিছোঁ, সেয়া আমি ভালদৰেই জানো। সেয়ে তেওঁলোকৰ বাবে চাৰিজন স্ত্ৰীৰ সীমা অতিক্ৰম কৰা বৈধ নহয়। লগতে এই বিষয়টোও আমাৰ জ্ঞাত আছে যে, আমি তেওঁলোকৰ বাবে দাসীসকলৰ বিষয়ে কি কি বৈধ কৰিছোঁ। এইক্ষেত্ৰত তেওঁলোকে যিমানজনীৰ সৈতে ইচ্ছা উপকৃত হ’ব পাৰে, সংখ্যাৰ কোনো প্ৰতিবন্ধকতা নাই। আমি আপোনাক যিবোৰ বিশেষ অধিকাৰ দান কৰিছোঁ, সেইবোৰ আনৰ বাবে বৈধ নহয়। ইয়াৰ কাৰণ হৈছে যাতে আপুনি কোনো অসুবিধা তথা সংকীৰ্ণতাৰ সন্মুখীন নহয়। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।