Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 53

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَدۡخُلُواْ بُيُوتَ ٱلنَّبِيِّ إِلَّآ أَن يُؤۡذَنَ لَكُمۡ إِلَىٰ طَعَامٍ غَيۡرَ نَٰظِرِينَ إِنَىٰهُ وَلَٰكِنۡ إِذَا دُعِيتُمۡ فَٱدۡخُلُواْ فَإِذَا طَعِمۡتُمۡ فَٱنتَشِرُواْ وَلَا مُسۡتَـٔۡنِسِينَ لِحَدِيثٍۚ إِنَّ ذَٰلِكُمۡ كَانَ يُؤۡذِي ٱلنَّبِيَّ فَيَسۡتَحۡيِۦ مِنكُمۡۖ وَٱللَّهُ لَا يَسۡتَحۡيِۦ مِنَ ٱلۡحَقِّۚ وَإِذَا سَأَلۡتُمُوهُنَّ مَتَٰعٗا فَسۡـَٔلُوهُنَّ مِن وَرَآءِ حِجَابٖۚ ذَٰلِكُمۡ أَطۡهَرُ لِقُلُوبِكُمۡ وَقُلُوبِهِنَّۚ وَمَا كَانَ لَكُمۡ أَن تُؤۡذُواْ رَسُولَ ٱللَّهِ وَلَآ أَن تَنكِحُوٓاْ أَزۡوَٰجَهُۥ مِنۢ بَعۡدِهِۦٓ أَبَدًاۚ إِنَّ ذَٰلِكُمۡ كَانَ عِندَ ٱللَّهِ عَظِيمًا ٥٣
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে খোৱাৰ নিমন্ত্ৰণ নোপোৱাকৈ নবীৰ ঘৰত প্ৰৱেশ নকৰিবা। (আনহাতে যদি ভোজনৰ বাবে তোমালোকক নিমন্ত্ৰণ কৰা হয় তেন্তে) পানাহাৰ প্ৰস্তুত নোহোৱাৰ আগতে তাতগৈ বহি আলোচনাত লিপ্ত নহ’বা। বৰং যেতিয়া পানাহাৰ প্ৰস্তুত হ’ব আৰু তোমালোকক খোৱাৰ বাবে আহ্বান কৰা হ’ব তেতিয়া প্ৰৱেশ কৰিবা। আৰু খোৱা-বোৱা শেষ হোৱাৰ লগে লগে তোমালোকে তাৰ পৰা প্ৰস্থান কৰিবা। পানাহাৰ কৰাৰ পিছত পৰস্পৰে আলোচনাত লিপ্ত হৈ বহি নাথাকিবা। কাৰণ তোমালোকৰ এই আচৰণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পায়, কিন্তু তেওঁ তোমালোকক উঠি যোৱাৰ নিৰ্দেশ দিয়াত সংকোচবোধ কৰে। কিন্তু আল্লাহে সত্য কথা উপস্থাপন কৰাত কেতিয়াও সংকোচবোধ নকৰে। সেইকাৰণেই তেওঁ তোমালোকক প্ৰস্থান কৰাৰ আদেশ দিছে, যাতে তোমালোকৰ অৱস্থানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মনোকষ্ট নিদিয়ে। লগতে তোমালোকে যেতিয়া নবীৰ স্ত্ৰীসকলৰ পৰা প্ৰয়োজনীয় কোনো বস্তু যেনেঃ কাঁহী, বাটি আদি বিচৰা, তেতিয়া পৰ্দাৰ আঁৰৰ পৰা সেইবোৰ বিচাৰিবা। পৰ্দা নোহোৱাকৈ তেওঁলোকৰ সন্মুখতগৈ সেইবোৰ নিবিচাৰিবা, যাতে তোমালোকৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ খাতিৰত তথা তেওঁৰ স্ত্ৰীসকলৰ সুৰক্ষাৰ্থে এই আদেশ দিয়া হৈছে। আনহাতে পৰ্দাৰ আঁৰৰ পৰা বিচৰাটো তোমালোকৰ অন্তৰ আৰু তেওঁলোকৰ অন্তৰৰ বাবেও অধিক পৱিত্ৰতাৰ বিষয়। যাতে তোমালোকৰ আৰু তেওঁলোকৰ অন্তৰত চয়তানে কোনো কুমন্ত্ৰণা দিব নোৱাৰে, লগতে পাপকৰ্মক যাতে শোভনীয় কৰি উপস্থাপন কৰিব নোৱাৰে। হে মুমিনসকল! পানাহাৰ কৰাৰ পিছত বহি থাকি আলোচনাত লিপ্ত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয়। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিবাহ কৰাটোও তোমালোকৰ বাবে উচিত নহয়। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। গতিকে মাক বিবাহ কৰাটো কোনো ব্যক্তিৰ বাবেই বৈধ নহয়। সেয়ে এইধৰণৰ কষ্ট অৰ্থাৎ নবীৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক নিকাহ কৰাটো সম্পূৰ্ণৰূপে হাৰাম, তথা আল্লাহৰ দৃষ্টিত এইটো এটা মহাপাপ হিচাপে পৰিগণিত।