Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 55

لَّا جُنَاحَ عَلَيۡهِنَّ فِيٓ ءَابَآئِهِنَّ وَلَآ أَبۡنَآئِهِنَّ وَلَآ إِخۡوَٰنِهِنَّ وَلَآ أَبۡنَآءِ إِخۡوَٰنِهِنَّ وَلَآ أَبۡنَآءِ أَخَوَٰتِهِنَّ وَلَا نِسَآئِهِنَّ وَلَا مَا مَلَكَتۡ أَيۡمَٰنُهُنَّۗ وَٱتَّقِينَ ٱللَّهَۚ إِنَّ ٱللَّهَ كَانَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدًا ٥٥
তেওঁলোকৰ সৈতে যিসকলে পৰ্দা নোহোৱাকৈ তথা মুখামুখিকৈ কথা ক’ব পাৰিব সেইসকল হৈছেঃ তেওঁলোকৰ পিতা, তেওঁলোকৰ সন্তান-সন্ততি, তেওঁলোকৰ ভাতৃসকল, তেওঁলোকৰ ভতীজাসকল, আৰু তেওঁলোকৰ ভাগিনসকল, বংশগত সম্পৰ্কৰ হওক অথবা দুগ্ধপান সম্পৰ্কীয়। লগতে মুমিনা নাৰীসকল আৰু তেওঁলোকৰ দাস-দাসীসকলেও তেওঁলোকৰ সৈতে পৰ্দা নোহোৱাকৈ কথা পাতিব পাৰিব। হে মুমিনা নাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কাৰণ তেওঁ তোমালোকৰ প্ৰত্যেক কথা আৰু কৰ্ম সম্পৰ্কে অৱগত।