Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 60

۞ لَّئِن لَّمۡ يَنتَهِ ٱلۡمُنَٰفِقُونَ وَٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ وَٱلۡمُرۡجِفُونَ فِي ٱلۡمَدِينَةِ لَنُغۡرِيَنَّكَ بِهِمۡ ثُمَّ لَا يُجَاوِرُونَكَ فِيهَآ إِلَّا قَلِيلٗا ٦٠
মুনাফিকসকলে যদি সিহঁতৰ নিফাকৰ পৰা বিৰত নাথাকে, অৰ্থাৎ ইছলাম প্ৰকাশ কৰি অন্তৰত কুফৰী গোপন ৰখা অভ্যাসৰ পৰা যদি বিৰত নাথাকে। তথা যিসকলৰ পাপিষ্ঠ অন্তৰত প্ৰবৃত্তিৰ অশ্লীল চাহিদা লুকাই আছে, লগতে সেইসকল লোক যিসকলে মদীনাত মুমিনসকলক বিভক্ত কৰিবলৈ মিছা খবৰ বিয়পায়, যদি এই লোকসকলে নিজৰ নিজৰ কুকৰ্মৰ পৰা বিৰত নাথাকে তেন্তে হে ৰাছুল! সিহঁতক শাস্তি প্ৰদান কৰিবলৈ আমি আপোনাক নিৰ্দেশ জাৰি কৰিম, আৰু সিহঁতৰ ওপৰত আপোনাক কৰ্তৃত্ব প্ৰদান কৰিম। তেতিয়া সিহঁতে মদীনাত বেছি দিন আপোনাৰ সৈতে তিষ্টিব নোৱাৰিব। যিহেতু সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছে, সেয়ে সিহঁতক হয়তো ধ্বংস কৰা হ’ব নাইবা মদীনাৰ পৰা বহিষ্কৃত কৰা হ’ব।