Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 69

يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَكُونُواْ كَٱلَّذِينَ ءَاذَوۡاْ مُوسَىٰ فَبَرَّأَهُ ٱللَّهُ مِمَّا قَالُواْۚ وَكَانَ عِندَ ٱللَّهِ وَجِيهٗا ٦٩
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ৰাছুলক কষ্ট নিদিবা। অন্যথা তোমালোকেও সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’বা, যিসকলে মুছাক কষ্ট দিছিল। উদাহৰণস্বৰূপে সিহঁতে মুছা আলাইহিচ্ছালামৰ শাৰীৰিক ত্ৰুটি থকা বুলি মিছা প্ৰচাৰ চলাইছিল, ফলত আল্লাহে সিহঁতৰ সেই দাবী মিছা প্ৰমাণিত কৰি এই কথা স্পষ্ট কৰিছিল যে, তেওঁৰ শৰীৰত কোনো ধৰণৰ ত্ৰুটি নাই। নিশ্চয় মুছা আলাইহিচ্ছালাম আছিল আল্লাহৰ ওচৰত অতি সন্মানীয় ব্যক্তি। তেওঁৰ প্ৰাৰ্থনা কেতিয়াও ব্যৰ্থ হোৱা নাছিল তথা তেওঁৰ প্ৰয়াসো বিফল হোৱা নাছিল।