Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Ahzab — Ayah 71

يُصۡلِحۡ لَكُمۡ أَعۡمَٰلَكُمۡ وَيَغۡفِرۡ لَكُمۡ ذُنُوبَكُمۡۗ وَمَن يُطِعِ ٱللَّهَ وَرَسُولَهُۥ فَقَدۡ فَازَ فَوۡزًا عَظِيمًا ٧١
যদি তোমালোকে আল্লাহক ভয় কৰা আৰু সদায় সত্য কথা কোৱা, তেন্তে আল্লাহে তোমালোকৰ কৰ্মবোৰ সংশোধন কৰি দিব, তথা সেইবোৰ স্বীকাৰ কৰিব। লগতে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব, সেইবোৰৰ বাবে তোমালোকক জবাবদিহি নকৰিব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ দৰাচলতে মহাসফলতা অৰ্জন কৰিব, সেই সফলতাৰ তুলনাত সকলো সফলতা তুচ্ছ। অৰ্থাৎ তেওঁ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ সৌভাগ্য লাভ কৰিব আৰু জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব।