Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 11

أَنِ ٱعۡمَلۡ سَٰبِغَٰتٖ وَقَدِّرۡ فِي ٱلسَّرۡدِۖ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ بَصِيرٞ ١١
হে দাঊদ! তুমি প্ৰশস্ত কৱচ প্ৰস্তুত কৰা। যিটোৱে তোমাৰ সৈন্যবাহিনীক শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা কৰিব। (কৱচ প্ৰস্তুত কৰাৰ সময়ত) পেঁচ-গজালবোৰ ইমান পাতলকৈ নবনাবা যিবোৰ ফুটাত খাপ নাখায়, আৰু ইমান মোটাকৈ নবনাবা যিবোৰ ফুটাত নোসোমায়। তথা সৎকৰ্ম কৰি যোৱা, নিশ্চয় মই তোমালোকৰ কৰ্মবোৰ পৰ্যবেক্ষণ কৰি আছোঁ। তোমালোকৰ কোনো কৰ্মই মোৰ পৰা গোপন নহয়। শীঘ্ৰেই মই তোমালোকক ইয়াৰ প্ৰতিদান দিম।