Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 31

وَقَالَ ٱلَّذِينَ كَفَرُواْ لَن نُّؤۡمِنَ بِهَٰذَا ٱلۡقُرۡءَانِ وَلَا بِٱلَّذِي بَيۡنَ يَدَيۡهِۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّٰلِمُونَ مَوۡقُوفُونَ عِندَ رَبِّهِمۡ يَرۡجِعُ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ ٱلۡقَوۡلَ يَقُولُ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ لَوۡلَآ أَنتُمۡ لَكُنَّا مُؤۡمِنِينَ ٣١
আল্লাহক অস্বীকাৰ কৰা লোকসকলে কয়ঃ আমি এই কোৰআনৰ প্ৰতি কদাপিও ঈমান পোষণ নকৰোঁ, যিখনৰ বিষয়ে মুহাম্মদে ধাৰণা কৰে যে, এইখন তেওঁৰ ওপৰত অৱতীৰ্ণ হৈছে। এইদৰে পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ প্ৰতিও আমি ঈমান পোষণ নকৰোঁ। হে ৰাছুল! আপুনি যদি সেই অৱস্থাটো দেখা পালেহেঁতেন, যেতিয়া অন্যায়কাৰী সকলক কিয়ামতৰ দিনা সিহঁতৰ প্ৰতিপালকৰ সন্মুখত হিচাপ-নিকাচৰ বাবে থিয় কৰোৱা হ’ব, তেতিয়া সিহঁতে পৰস্পৰে বাদানুবাদ কৰিব আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই ইজনে সিজনৰ ওপৰত দোষ জাপি দিব আৰু ইজনে সিজনক ভৰ্ৎসনা কৰিব। এতেকে পৃথিৱীত নেতাসকলৰ তলতীয়া হৈ জীৱন-যাপন কৰা অনুসাৰীসকলে ক’বঃ যদি তোমালোকে আমাক পথভ্ৰষ্ট নকৰিলাহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।