Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Saba — Ayah 52

وَقَالُوٓاْ ءَامَنَّا بِهِۦ وَأَنَّىٰ لَهُمُ ٱلتَّنَاوُشُ مِن مَّكَانِۭ بَعِيدٖ ٥٢
সিহঁতে নিজৰ পৰিণাম দেখি ক’ব, আমি ঈমান আনিছোঁ কিয়ামত দিৱসৰ প্ৰতি। এতিয়া ঈমান পোষণ কৰাটো কেনেকৈ সম্ভৱ হ’ব পাৰে, অথচ ঈমান পোষণ কৰাৰ প্ৰকৃত স্থানক সিহঁতে পিছফালে এৰি থৈ আহিছে। পৃথিৱী হৈছে আমলৰ ঠাই, তাত হিচাপ-নিকাচ নাই। আনহাতে সিহঁতে আখিৰাতত প্ৰৱেশ কৰিছে, এইখন হৈছে প্ৰতিদান পোৱাৰ ঠাই, এইখন আমলৰ স্থান নহয়।