Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 13

يُولِجُ ٱلَّيۡلَ فِي ٱلنَّهَارِ وَيُولِجُ ٱلنَّهَارَ فِي ٱلَّيۡلِ وَسَخَّرَ ٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ يَجۡرِي لِأَجَلٖ مُّسَمّٗىۚ ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡ لَهُ ٱلۡمُلۡكُۚ وَٱلَّذِينَ تَدۡعُونَ مِن دُونِهِۦ مَا يَمۡلِكُونَ مِن قِطۡمِيرٍ ١٣
আল্লাহে ৰাতিক দিনৰ ভিতৰত প্ৰৱেশ কৰাই দিনক দীৰ্ঘ কৰি দিয়ে। তথা দিনক ৰাতিৰ ভিতৰত প্ৰৱেশ কৰাই ৰাতিক দীৰ্ঘ কৰি দিয়ে। আল্লাহেই চন্দ্ৰ সূৰ্য্যক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে চলমান থাকিব। সেই নিৰ্ধাৰিত সময়ৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। জানি থোৱা উচিত যে, নিৰ্ধাৰিত সময়ৰ দ্বাৰা ইয়াত কিয়ামত বুজোৱা হৈছে। তোমালোকৰ প্ৰতিপালক আল্লাহেই এই সময় নিৰ্ধাৰণ কৰিছে তথা এইবোৰক কামত নিয়োজিত কৰি ৰাখিছে। ৰাজত্ব একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, সেইবোৰে খেজুৰৰ গুটিত থকা পাতল আৱৰণ এটাৰো অধিকাৰী নহয়। এতেকে তোমালোকে মোক এৰি কিয় সেইবোৰৰ উপাসনা কৰা?