Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 27

أَلَمۡ تَرَ أَنَّ ٱللَّهَ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦ ثَمَرَٰتٖ مُّخۡتَلِفًا أَلۡوَٰنُهَاۚ وَمِنَ ٱلۡجِبَالِ جُدَدُۢ بِيضٞ وَحُمۡرٞ مُّخۡتَلِفٌ أَلۡوَٰنُهَا وَغَرَابِيبُ سُودٞ ٢٧
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহেই আকাশৰ পৰা বৰষুণৰ পানী বৰষায়। ইয়াৰ পিছত আমিয়েই সেই পানীৰ দ্বাৰা গছ-গছনিক সজীৱ কৰি বিভিন্ন ৰঙৰ ফল সৃষ্টি কৰোঁ, ৰঙা, সেউজীয়া আৰু হালধীয়া আদি। আনহাতে পৰ্বতৰ মাজতো আছে বিভিন্ন ৰঙৰ স্তৰ, শুভ্ৰ, ৰঙা আৰু গাঢ় ক’লা আদি।