Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 32

ثُمَّ أَوۡرَثۡنَا ٱلۡكِتَٰبَ ٱلَّذِينَ ٱصۡطَفَيۡنَا مِنۡ عِبَادِنَاۖ فَمِنۡهُمۡ ظَالِمٞ لِّنَفۡسِهِۦ وَمِنۡهُم مُّقۡتَصِدٞ وَمِنۡهُمۡ سَابِقُۢ بِٱلۡخَيۡرَٰتِ بِإِذۡنِ ٱللَّهِۚ ذَٰلِكَ هُوَ ٱلۡفَضۡلُ ٱلۡكَبِيرُ ٣٢
তাৰ পিছত আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক কোৰআন প্ৰদান কৰিছোঁ। তেওঁলোকক আমি আন আন উম্মতৰ পৰা নিৰ্বাচিত কৰিছোঁ। তেওঁলোকৰ মাজত আছে কিছুমান অন্যায়কাৰী, যিসকলে হাৰাম কামত লিপ্ত থাকে আৰু জৰুৰী কৰ্মবোৰ পৰিত্যাগ কৰে। তেওঁলোকৰ মাজৰ আন কিছুমান আছে মধ্যমপন্থী, তেওঁলোকে জৰুৰী কামবোৰ পালন কৰে আৰু হাৰাম কৰ্মবোৰ পৰিত্যাগ কৰে, কিন্তু তেওঁলোকে কিছুমান মুস্তাহাব কৰ্মও ত্যাগ কৰে আৰু কিছুমান অপছন্দনীয় কৰ্ম কৰোঁতেও কুণ্ঠাবোধ নকৰে। তেওঁলোকৰ মাজত আন কিছুমান আছে নেক কৰ্মৰ প্ৰতি অগ্ৰগামী। তেওঁলোকে জৰুৰী কামৰ লগতে মুস্তাহাব কৰ্মবোৰো নিয়মিতভাৱে পালন কৰে, তথা হাৰাম আৰু অপছন্দনীয় কামবোৰ পৰিত্যাগ কৰে। ওপৰত যি যি উল্লেখ কৰা হ’ল -অৰ্থাৎ এই উম্মত হৈছে নিৰ্বাচিত তথা এই উম্মতক কোৰআন প্ৰদান কৰা হৈছে- এইবোৰ আল্লাহৰ এটা ডাঙৰ অনুগ্ৰহ, আন কোনো অনুগ্ৰহই ইয়াৰ সমান হ’ব নোৱাৰে।