Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Fatir — Ayah 9

وَٱللَّهُ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ فَتُثِيرُ سَحَابٗا فَسُقۡنَٰهُ إِلَىٰ بَلَدٖ مَّيِّتٖ فَأَحۡيَيۡنَا بِهِ ٱلۡأَرۡضَ بَعۡدَ مَوۡتِهَاۚ كَذَٰلِكَ ٱلنُّشُورُ ٩
আল্লাহেই বতাহ প্ৰেৰণ কৰে। এই বতাহেই মেঘক সঞ্চালন কৰে। ইয়াৰ পিছত আমি সেই মেঘক এনেকুৱা ঠাই লৈ খেদি লৈ যাওঁ, যি ঠাইত কোনো উদ্ভিদ নাই। তথা সেই পানীৰে উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ। যিদৰে আমি উদ্ভিদ উৎপন্ন কৰি মৃত ভূমিক জীৱিত কৰোঁ, ঠিক সেইদৰেই কিয়ামতৰ দিনা মৃত ব্যক্তিসকলক আমি পুনৰ্জীৱিত কৰিম।