Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah As-Saffat — Ayah 102

فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعۡيَ قَالَ يَٰبُنَيَّ إِنِّيٓ أَرَىٰ فِي ٱلۡمَنَامِ أَنِّيٓ أَذۡبَحُكَ فَٱنظُرۡ مَاذَا تَرَىٰۚ قَالَ يَٰٓأَبَتِ ٱفۡعَلۡ مَا تُؤۡمَرُۖ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰبِرِينَ ١٠٢
ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।