Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Sad — Ayah 26

يَٰدَاوُۥدُ إِنَّا جَعَلۡنَٰكَ خَلِيفَةٗ فِي ٱلۡأَرۡضِ فَٱحۡكُم بَيۡنَ ٱلنَّاسِ بِٱلۡحَقِّ وَلَا تَتَّبِعِ ٱلۡهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِۚ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمۡ عَذَابٞ شَدِيدُۢ بِمَا نَسُواْ يَوۡمَ ٱلۡحِسَابِ ٢٦
হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকুত খলিফা বনাইছোঁ। যাতে আপুনি দ্বিনী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানুহৰ মাজত ন্যায় মুতাবিক ফয়চালা কৰক। মানুহৰ মাজত মীমাংসা কৰাৰ সময়ত প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। তথা আত্মীয়তা অথবা বন্ধুত্বৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকুৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠিক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানুহক আল্লাহৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁতৰ বাবে আছে কঠিন শাস্তি। কিয়নো সিহতে হিচাপ-নিকাচৰ দিৱসক পাহৰি আছিল। কাৰণ যদি সিহঁতে সেই দিৱসক স্মৰণ কৰিলেহেঁতেন তথা ভয় কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ নকৰিলেহেঁতেন।