Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Az-Zumar — Ayah 10

قُلۡ يَٰعِبَادِ ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ رَبَّكُمۡۚ لِلَّذِينَ أَحۡسَنُواْ فِي هَٰذِهِ ٱلدُّنۡيَا حَسَنَةٞۗ وَأَرۡضُ ٱللَّهِ وَٰسِعَةٌۗ إِنَّمَا يُوَفَّى ٱلصَّٰبِرُونَ أَجۡرَهُم بِغَيۡرِ حِسَابٖ ١٠
হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।