Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Az-Zumar — Ayah 3

أَلَا لِلَّهِ ٱلدِّينُ ٱلۡخَالِصُۚ وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ مَا نَعۡبُدُهُمۡ إِلَّا لِيُقَرِّبُونَآ إِلَى ٱللَّهِ زُلۡفَىٰٓ إِنَّ ٱللَّهَ يَحۡكُمُ بَيۡنَهُمۡ فِي مَا هُمۡ فِيهِ يَخۡتَلِفُونَۗ إِنَّ ٱللَّهَ لَا يَهۡدِي مَنۡ هُوَ كَٰذِبٞ كَفَّارٞ ٣
জানি থোৱা! শ্বিৰ্কমুক্ত দ্বীন একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। যিসকল লোকে আল্লাহৰ বাহিৰে মূৰ্ত্তি আৰু তাগুত আদিক নিজৰ অভিভাৱক বনাই লৈছে তথা আল্লাহৰ বাহিৰে সেইবোৰৰেই উপাসনা কৰে, লগতে সেইবোৰৰ উপাসনাক উচিত প্ৰমাণ কৰিবলৈ কয়ঃ “আমি এইবোৰৰ ইবাদত কেৱল এইকাৰণেই কৰোঁ, যাতে এইবোৰে আমাক আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে, তথা আমাৰ প্ৰয়োজনবোৰ আল্লাহৰ ওচৰত উপস্থাপন কৰে, লগতে তেওঁৰ ওচৰত আমাৰ বাবে যাতে মধ্যস্ততা কৰে”। নিশ্চয় কিয়ামতৰ দিনা আল্লাহে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত মুমিনসকলৰ মাজত, লগতে কাফিৰ আৰু মুশ্বৰিকসকলৰ মাজত সেই তাওহীদ সম্পৰ্কে মীমাংসা কৰিব, যিটোকলৈ সিহঁতে মতানৈক্য কৰিছিল। নিশ্চিতভাৱে আল্লাহে সেইসকল লোকক কেতিয়াও হিদায়ত নিদিয়ে যিসকলে অংশীদাৰ স্থাপন কৰি আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰে, তথা আল্লাহে প্ৰদান কৰা নিয়ামতসমূহক অস্বীকাৰ কৰে।