Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Az-Zumar — Ayah 67

وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧
আল্লাহক যিদৰে সন্মান কৰা উচিত, মুশ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁতে তেওঁৰ দুৰ্বল সৃষ্টিবোৰকো তেওঁৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূহ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূহ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মুঠিত লব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই লব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয়ৰ পৰা যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।