Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Az-Zumar — Ayah 7

إِن تَكۡفُرُواْ فَإِنَّ ٱللَّهَ غَنِيٌّ عَنكُمۡۖ وَلَا يَرۡضَىٰ لِعِبَادِهِ ٱلۡكُفۡرَۖ وَإِن تَشۡكُرُواْ يَرۡضَهُ لَكُمۡۗ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ ثُمَّ إِلَىٰ رَبِّكُم مَّرۡجِعُكُمۡ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ ٧
হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কুফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। বৰং তোমালোকৰ কুফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁৰ লগত কুফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰ আদেশও তেওঁ নিদিয়ে। কিয়নো আল্লাহে কেতিয়াও অশ্লীলতা আৰু কুসংস্কাৰৰ আদেশ নিদিয়ে। আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃতজ্ঞতাত সন্তুষ্ট হ’ব, লগতে তোমালোকক ছোৱাব প্ৰদান কৰিব। কোনো প্ৰাণীয়েই অন্য প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰ বাবে দায়বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্তৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়।