Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tur — Ayah 20

مُتَّكِـِٔينَ عَلَىٰ سُرُرٖ مَّصۡفُوفَةٖۖ وَزَوَّجۡنَٰهُم بِحُورٍ عِينٖ ٢٠
সুসৌন্দৰ্যময় আসনত তেওঁলোকে আউজি বহিব, সেই আসনবোৰ ওচৰা-ওচৰিকৈ থাকিব তথা ইজনে সিজনৰ সন্মুখত থাকিব। লগতে আমি তেওঁলোকক মৃগনয়নী ডাঙৰ চকু বিশিষ্টা ধুনীয়া নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম।