Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 13

يَوۡمَ يَقُولُ ٱلۡمُنَٰفِقُونَ وَٱلۡمُنَٰفِقَٰتُ لِلَّذِينَ ءَامَنُواْ ٱنظُرُونَا نَقۡتَبِسۡ مِن نُّورِكُمۡ قِيلَ ٱرۡجِعُواْ وَرَآءَكُمۡ فَٱلۡتَمِسُواْ نُورٗاۖ فَضُرِبَ بَيۡنَهُم بِسُورٖ لَّهُۥ بَابُۢ بَاطِنُهُۥ فِيهِ ٱلرَّحۡمَةُ وَظَٰهِرُهُۥ مِن قِبَلِهِ ٱلۡعَذَابُ ١٣
সেইদিনা মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলে মুমিনসকলক উদ্দেশ্যি ক’বঃ তোমালোকে আমাৰ বাবে অকণমান অপেক্ষা কৰা, যাতে আমি তোমালোকৰ জ্যোতিৰ পৰা অলপ গ্ৰহণ কৰিব পাৰোঁ, যিয়ে আমাক পুলচিৰাত পাৰ হোৱাত সহায় কৰিব। তেতিয়া মুনাফিকসকলক ঠাট্টাৰ সুৰত কোৱা হ’বঃ তোমালোকে পিছফালে উভতি যোৱা, আৰু বাট দেখাৰ বাবে জ্যোতি সন্ধান কৰাগৈ। তেতিয়া সিহঁতৰ সন্মুখত প্রাচীৰ স্থাপন কৰা হ’ব। উক্ত প্রাচীৰত আছে এনেকুৱা এখন দুৱাৰ, যিখনৰ ভিতৰভাগ হৈছে মুমিনসকলৰ নিকটৱর্তী আৰু তাত আছে ৰহমত। আনহাতে বাহিৰৰ ভাগটো যিটো মুনাফিকসকলৰ নিকটৱর্তী তাত আছে শাস্তি।