Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 18

إِنَّ ٱلۡمُصَّدِّقِينَ وَٱلۡمُصَّدِّقَٰتِ وَأَقۡرَضُواْ ٱللَّهَ قَرۡضًا حَسَنٗا يُضَٰعَفُ لَهُمۡ وَلَهُمۡ أَجۡرٞ كَرِيمٞ ١٨
নিশ্চয় যিসকল পুৰুষ আৰু মহিলাই কোনো ধৰণৰ কষ্ট আৰু চৰ্চা নকৰাকৈ আনন্দচিত্তে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান বহু গুণে বৃদ্ধি কৰি দিয়া হ’ব। তথা এটা নেকী দহৰ পৰা সাতশ আনকি আৰু অধিক বৃদ্ধি কৰি দিয়া হ’ব। ইয়াৰ বাহিৰেও আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে থাকিব সন্মানিত প্ৰতিদান তথা জান্নাত।