Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 20

ٱعۡلَمُوٓاْ أَنَّمَا ٱلۡحَيَوٰةُ ٱلدُّنۡيَا لَعِبٞ وَلَهۡوٞ وَزِينَةٞ وَتَفَاخُرُۢ بَيۡنَكُمۡ وَتَكَاثُرٞ فِي ٱلۡأَمۡوَٰلِ وَٱلۡأَوۡلَٰدِۖ كَمَثَلِ غَيۡثٍ أَعۡجَبَ ٱلۡكُفَّارَ نَبَاتُهُۥ ثُمَّ يَهِيجُ فَتَرَىٰهُ مُصۡفَرّٗا ثُمَّ يَكُونُ حُطَٰمٗاۖ وَفِي ٱلۡأٓخِرَةِ عَذَابٞ شَدِيدٞ وَمَغۡفِرَةٞ مِّنَ ٱللَّهِ وَرِضۡوَٰنٞۚ وَمَا ٱلۡحَيَوٰةُ ٱلدُّنۡيَآ إِلَّا مَتَٰعُ ٱلۡغُرُورِ ٢٠
জানি থোৱা! পাৰ্থিৱ জীৱন হৈছে এক প্ৰকাৰ খেল-ধেমালি, যাক লৈ শৰীৰে খেলা-ধূলা কৰে; আৰু হৈছে অৱহেলা, য’ত অন্তৰে উদাসিনতা প্ৰদৰ্শন কৰে। লগতে ই এক প্ৰকাৰ সৌন্দর্য, যাক ধাৰণ কৰি তোমালোকে সুসজ্জিত হোৱা। ইয়াৰ ৰাজত্ব আৰু সম্পদলৈ তোমালোকৰ মাজত পাৰস্পৰিক অহংকাৰ চলি থাকে। তথা ইয়াৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্রাচুৰ্যকলৈ তোমালোকে গৌৰৱ কৰি থাকা। ইয়াৰ উদাহৰণ হৈছে সেই বৰষুণৰ দৰে, যাৰ ফলত উৎপন্ন হোৱা শস্য দেখি কৃষকে আনন্দিত হয়, আৰু কিছুদিন পিছতেই এই সেউজীয়া শস্য শুকাই যায়। ফলত হে দৰ্শক! তুমি সেই শস্যক সেইজীয়াৰ পিছত হালধীয়া বৰণত দেখিবলৈ পোৱা। ইয়াৰ পিছত আল্লাহে সেইটোক খেৰকুটাত পৰিণত কৰে, ফলত সেইবোৰ চুৰ্ণ-বিচুৰ্ণ হৈ যায়। আখিৰাতত কাফিৰ আৰু মুনাফিকসকলৰ বাবে আছে কঠিন শাস্তি। আনহাতে আল্লাহৰ ফালৰ পৰা তেওঁৰ মুমিন বান্দাসকলৰ বাবে আছে ক্ষমা আৰু সন্তুষ্টি। দৰাচলতে পাৰ্থিৱ জীৱন হৈছে কেৱল ক্ষণস্থায়ী সম্পদ; ইয়াৰ কোনো স্থায়িত্ব নাই। এতেকে যি ব্যক্তিয়ে তাৰ ক্ষণস্থায়ী সম্পদক আখিৰাতৰ চিৰস্থায়ী ভোগ-সমাগ্রীৰ ওপৰত প্রাধান্য দিব, সেই ব্যক্তিয়েই হৈছে প্ৰকৃত ক্ষতিগ্ৰস্ত।