Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hadid — Ayah 25

لَقَدۡ أَرۡسَلۡنَا رُسُلَنَا بِٱلۡبَيِّنَٰتِ وَأَنزَلۡنَا مَعَهُمُ ٱلۡكِتَٰبَ وَٱلۡمِيزَانَ لِيَقُومَ ٱلنَّاسُ بِٱلۡقِسۡطِۖ وَأَنزَلۡنَا ٱلۡحَدِيدَ فِيهِ بَأۡسٞ شَدِيدٞ وَمَنَٰفِعُ لِلنَّاسِ وَلِيَعۡلَمَ ٱللَّهُ مَن يَنصُرُهُۥ وَرُسُلَهُۥ بِٱلۡغَيۡبِۚ إِنَّ ٱللَّهَ قَوِيٌّ عَزِيزٞ ٢٥
নিশ্চয় আমি আমাৰ ৰাছুলসকলক সুস্পষ্ট দলীল আৰু মহান প্ৰমাণাদিৰ সৈতে প্ৰেৰণ কৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি গ্ৰন্থও অৱতীৰ্ণ কৰিছোঁ। লগতে ন্যায় বিচাৰ প্ৰতিষ্ঠা কৰিবলৈ মীযান অৱতীৰ্ণ কৰিছোঁ। যাতে মানুহে ইনচাফ তথা ন্যায় প্ৰতিষ্ঠা কৰিব পাৰে। লগতে আমি মজবুত আৰু সুদৃঢ় লোহা অৱতীৰ্ণ কৰিছোঁ। যিবোৰৰ দ্বাৰা অস্ত্র তৈয়াৰ কৰা হয় আৰু তাত আছে মানুহৰ বাবে সিহঁতৰ উদ্যোগিক আৰু ব্যৱসায়িক উপকাৰিতাসমূহ। যাতে আল্লাহে বান্দাসকলৰ অৱগতিৰ বাবে প্ৰকাশ কৰি দিব পাৰে যে, তেওঁৰ বান্দাসকলৰ মাজৰ কোনে নেদেখাকৈ তেওঁক সহায় কৰে। নিশ্চয় আল্লাহ শক্তিধৰ, মহা পৰাক্রমশালী। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। আৰু একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।