Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hashr — Ayah 14

لَا يُقَٰتِلُونَكُمۡ جَمِيعًا إِلَّا فِي قُرٗى مُّحَصَّنَةٍ أَوۡ مِن وَرَآءِ جُدُرِۭۚ بَأۡسُهُم بَيۡنَهُمۡ شَدِيدٞۚ تَحۡسَبُهُمۡ جَمِيعٗا وَقُلُوبُهُمۡ شَتَّىٰۚ ذَٰلِكَ بِأَنَّهُمۡ قَوۡمٞ لَّا يَعۡقِلُونَ ١٤
হে মুমিনসকল! ইহুদীসকলে তোমালোকৰ সৈতে একত্ৰিত হৈ যুদ্ধ নকৰিব। দুৰ্গাৱদ্ধ অথবা গাওঁৰ চাৰিবেৰৰ ভিতৰৰ পৰা হ'লে সেয়া সুকীয়া কথা। সিহঁতৰ কাপুৰুষত্বৰ ফলত সিহঁতে কেতিয়াও তোমালোকৰ সন্মুখত আহি যুদ্ধ কৰিব নোৱাৰিব। সিহঁতৰ অন্তৰত থকা বিদ্বেষতকৈ সিহঁতৰ পৰস্পৰ দ্বন্দ অধিক প্ৰকট। আপুনি হয়তো ভাবিছে সিহঁতৰ মাজত একতা আছে বৰং সত্য কথা হৈছে এই যে, সিহঁতৰ অন্তৰ হৈছে বিচ্ছেদিত অমিল। এই বিদ্বেষ আৰু বিভেদৰ কাৰণ হৈছে সিহঁতৰ বোধ শক্তিৰ অভাৱ। কিয়নো যদি জ্ঞান-বুদ্ধি থাকিলেহেঁতেন তেন্তে সত্যক জানিব পাৰিলেহেঁতেন আৰু সেই মতে আমলো কৰিলেহেঁতেন তথা এই বিষয়ে বিভেদ নকৰিলেহঁতেন।