Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Hashr — Ayah 5

مَا قَطَعۡتُم مِّن لِّينَةٍ أَوۡ تَرَكۡتُمُوهَا قَآئِمَةً عَلَىٰٓ أُصُولِهَا فَبِإِذۡنِ ٱللَّهِ وَلِيُخۡزِيَ ٱلۡفَٰسِقِينَ ٥
হে মুমিনসকল! তোমালোকে বনী নাজীৰৰ লগত যুদ্ধৰ সময়ত আল্লাহৰ শত্ৰুসকলক উত্তেজিত কৰিবলৈ যিবোৰ খেজুৰ গছ কাটিছিলা অথবা তাৰ পৰা উপকৃত হ'বলৈ যিবোৰ গছ এৰিদিছিলা সেয়া আছিল আল্লাহৰ আদেশ। সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ বাবে নাছিল। এইবোৰ এই কাৰণে সংঘটিত হৈছিল যে, যাতে আল্লাহে অৱজ্ঞাকাৰী ইহুদীসকলক প্ৰতিশ্ৰুতি ভংগ কৰাৰ কাৰণে আৰু প্ৰৱঞ্চনাৰ পথ অৱলম্বন কৰাৰ কাৰণে অপমানিত আৰু তুচ্ছ কৰে।