Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jumu'ah — Ayah 10

فَإِذَا قُضِيَتِ ٱلصَّلَوٰةُ فَٱنتَشِرُواْ فِي ٱلۡأَرۡضِ وَٱبۡتَغُواْ مِن فَضۡلِ ٱللَّهِ وَٱذۡكُرُواْ ٱللَّهَ كَثِيرٗا لَّعَلَّكُمۡ تُفۡلِحُونَ ١٠
তাৰ পিছত যেতিয়া তোমালোকে জুমআৰ ছালাত আদায় কৰি লোৱা, তেতিয়া তোমালোকে হালাল জীৱিকাৰ অনুসন্ধানত আৰু নিজৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে পৃথিৱীত প্ৰসাৰিত হোৱা। আৰু হালাল উপাৰ্জন তথা বৈধ লাভৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা। জীৱিকা উপাৰ্জনৰ সময়তো আল্লাহক বেছি বেছি স্মৰণ কৰিবা। লগতে ধ্যান ৰাখিবা জীৱিকাৰ অনুসন্ধানে যাতে তোমালোকক আল্লাহৰ স্মৰণৰ পৰা অমনোযোগী কৰিব নোৱাৰে। যাতে তোমালোকে সেই বস্তু লাভ কৰিবলৈ সফল হ'ব পাৰা যিটো তোমালোকে ভাল পোৱা আৰু সেই বস্তুৰ পৰা মুক্তি পাব পাৰা যিটোক তোমালোকে ভয় কৰা।