Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Jumu'ah — Ayah 8

قُلۡ إِنَّ ٱلۡمَوۡتَ ٱلَّذِي تَفِرُّونَ مِنۡهُ فَإِنَّهُۥ مُلَٰقِيكُمۡۖ ثُمَّ تُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ ٨
হে ৰাছুল! এই ইয়াহুদী বিলাকক কৈ দিয়কঃ নিশ্চয় সেই মৃত্যু, যিটোৰ পৰা তোমালোকে পলায়ন কৰি আছা, অৱশ্যে তোমালোকক সাক্ষাৎ কৰিব, সোনকালে হওঁক অথবা পলমকৈ। তাৰ পিছত তোমালোকে ক্বিয়ামতৰ দিনা আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিবা। তেওঁ দৃশ্য অদৃশ্য সকলো বিষয়ে অৱগত, এই উভয় বিষয়ৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেতিয়া তেওঁ তোমালোকক সেই সকলো কথা অৱগত কৰাব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা আৰু তোমালোকক তাৰ প্ৰতিদান দিব।