Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Taghabun — Ayah 16

فَٱتَّقُواْ ٱللَّهَ مَا ٱسۡتَطَعۡتُمۡ وَٱسۡمَعُواْ وَأَطِيعُواْ وَأَنفِقُواْ خَيۡرٗا لِّأَنفُسِكُمۡۗ وَمَن يُوقَ شُحَّ نَفۡسِهِۦ فَأُوْلَٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ ١٦
আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি, যথাসম্ভৱ তেওঁৰ তাক্বৱা অৱলম্বন কৰা। শুনা তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা। লগতে আল্লাহে দিয়া ধন সৎ পথত ব্যয় কৰা। আল্লাহে যাক অন্তৰৰ লালসাৰ পৰা ৰক্ষা কৰে, দৰাচলতে তেওঁলোকেই নিজৰ বিচৰা উদ্দেশ্যত সাফল্যমণ্ডিত আৰু ভয়ৰ পৰা মুক্তিপ্ৰাপ্ত।