Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Talaq — Ayah 4

وَٱلَّٰٓـِٔي يَئِسۡنَ مِنَ ٱلۡمَحِيضِ مِن نِّسَآئِكُمۡ إِنِ ٱرۡتَبۡتُمۡ فَعِدَّتُهُنَّ ثَلَٰثَةُ أَشۡهُرٖ وَٱلَّٰٓـِٔي لَمۡ يَحِضۡنَۚ وَأُوْلَٰتُ ٱلۡأَحۡمَالِ أَجَلُهُنَّ أَن يَضَعۡنَ حَمۡلَهُنَّۚ وَمَن يَتَّقِ ٱللَّهَ يَجۡعَل لَّهُۥ مِنۡ أَمۡرِهِۦ يُسۡرٗا ٤
এনেকুৱা তালাকপ্ৰাপ্তা স্ত্ৰী, যাৰ বাৰ্ধক্যজনিত কাৰণত ঋতুস্ৰাৱ বন্ধ হৈছে, যদি তোমালোকে এনেকুৱা নাৰীৰ ইদ্দত সম্পৰ্কে সন্দেহত পতিত হোৱা, তেন্তে জানি থোৱা! সিহঁতৰ ইদ্দত হৈছে তিনি মাহ। আনহাতে যিসকল ঋতুস্ৰাৱ হোৱা বয়সত উপনীত হোৱা নাই, তেনেকুৱা নাৰীৰো ইদ্দত কাল হৈছে তিনি মাহ। গৰ্ভৱতী নাৰীৰ তালাক অথবা গৰ্ভৱতী থকা অৱস্থাত স্বামী মৃত্যু হোৱা নাৰীৰ ইদ্দত কাল হৈছে প্ৰসৱ পৰ্যন্ত। যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব আল্লাহে তাৰ সকলো কৰ্ম সহজ কৰি দিব। আৰু সকলো মুচকিল আচান কৰি দিব।