Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Talaq — Ayah 7

لِيُنفِقۡ ذُو سَعَةٖ مِّن سَعَتِهِۦۖ وَمَن قُدِرَ عَلَيۡهِ رِزۡقُهُۥ فَلۡيُنفِقۡ مِمَّآ ءَاتَىٰهُ ٱللَّهُۚ لَا يُكَلِّفُ ٱللَّهُ نَفۡسًا إِلَّا مَآ ءَاتَىٰهَاۚ سَيَجۡعَلُ ٱللَّهُ بَعۡدَ عُسۡرٖ يُسۡرٗا ٧
আল্লাহে যাক সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা প্ৰদান কৰিছে, সি নিজৰ সামৰ্থ অনুযায়ী তাৰ তালাক দিয়া স্ত্ৰী আৰু সন্তানৰ ওপৰত ব্যয় কৰা উচিত। আৰু যাক সম্পদৰ ক্ষেত্ৰত সংকীৰ্ণতা প্ৰদান কৰিছে সিও নিজৰ সামৰ্থ অনুযায়ী তাৰ পৰা ব্যয় কৰা উচিত। আল্লাহে কাকো তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। সাধ্যতকৈ অধিক ভাৰ কেতিয়াও অৰ্পন নকৰে। যিটো সি নোৱাৰিব সেইটোও প্ৰদান নকৰে। অনতিপলমে আল্লাহে তাক সংকীৰ্ণতাৰ পিছত প্ৰশস্ততা আৰু প্ৰাচুৰ্যতা প্ৰদান কৰিব।