Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah At-Tahrim — Ayah 1

يَٰٓأَيُّهَا ٱلنَّبِيُّ لِمَ تُحَرِّمُ مَآ أَحَلَّ ٱللَّهُ لَكَۖ تَبۡتَغِي مَرۡضَاتَ أَزۡوَٰجِكَۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ ١
হে ৰাছুল! আপুনি আপোনাৰ দাসী মাৰিয়াৰ লগত উপকৃত হোৱাক নিজৰ ওপৰত কিয় হাৰাম কৰে, যিটো আল্লাহে আপোনাৰ বাবে হালাল কৰিছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচাৰে নেকি যে, মাৰিয়াৰ ওচৰত গমন কৰিলে সিহঁতৰ আত্মসন্মানত আঘাত হানে? অথচ আল্লাহে আপোনাক ক্ষমা কৰিব আৰু আপোনাৰ প্ৰতি দয়া কৰিব।