Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Nuh — Ayah 4

يَغۡفِرۡ لَكُم مِّن ذُنُوبِكُمۡ وَيُؤَخِّرۡكُمۡ إِلَىٰٓ أَجَلٖ مُّسَمًّىۚ إِنَّ أَجَلَ ٱللَّهِ إِذَا جَآءَ لَا يُؤَخَّرُۚ لَوۡ كُنتُمۡ تَعۡلَمُونَ ٤
যদি তোমালোকে এয়া কৰা তেন্তে আল্লাহে তোমালোকৰ সেই পাপসমূহ ক্ষমা কৰি দিব যিবোৰ বান্দাৰ অধিকাৰৰ লগত সম্বন্ধিত নহয়। আৰু আপোনাৰ সম্প্ৰদায়ৰ জীৱন এক নিৰ্দিষ্ট সময় লৈকে বৃদ্ধি কৰি দিব যিটো সময় আল্লাহে জানে। যেতিয়ালৈকে তোমালোকে ইয়াৰ প্ৰতি প্ৰতিষ্ঠিত থাকিবা তেতিয়ালৈকে পৃথিৱীত বসবাস কৰিব পাৰিবা। নিশ্চয় মৃত্যু যেতিয়া আহে তেতিয়া নিৰ্দিষ্টি সময়ৰ পৰা অলপো পলম নহয়। যদি তোমালোকে জানিলাহেঁতেন তেন্তে অনতিপলমে আল্লাহৰ প্ৰতি ঈমান আনিলাহেঁতন আৰু তোমালোকৰ এই শ্বিৰ্ক আৰু পথভ্ৰষ্টতাৰ পৰা তাওবা কৰিলাহেঁতেন।