Assamese Abridged Explanation of the Quran

Multiple Ayahs

Tags

Download Links

Assamese Abridged Explanation of the Quran tafsir for Surah Al-Qiyamah — Ayah 20

كـَلَّا بَلۡ تُحِبُّونَ ٱلۡعَاجِلَةَ ٢٠
কেতিয়াও নহয়, বিষয়টো তেনেকুৱা নহয় যিদৰে তোমালোকে ভাবিছা যে, পুনৰুত্থান অসম্ভৱ। কিয়নো তোমালোকে জানা যে, যিয়ে তোমালোকক প্ৰথম বাৰ সৃষ্টি কৰিছে তেওঁ তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰাত অক্ষম নহয়। আচলতে তোমালোকে পুনৰুত্থানক অস্বীকাৰ কৰাৰ কাৰণ হৈছে তোমালোকে ধ্বংসশীল পৃথিৱীক অতিমাত্ৰা ভাল পোৱা।