Assamese Abridged Explanation of the Quran
1:7 - 1:7

আমাক তোমাৰ সেই বান্দাসকলৰ পথ দেখুৱা, যিসকলক তুমি হিদায়তেৰে পুৰস্কৃত কৰিছিলা। যেনে- নবীসকল, সত্যনিষ্ঠসকল, শ্বহীদ আৰু সত্কৰ্মপৰায়ণসকল। এওঁলোক কিমান উত্তম সঙ্গী!! সেইসকলৰ পথ নহয় যিসকলে সত্য জনাৰ পিছতো তাৰ অনুসৰণ কৰা নাই। যেনে- ইয়াহুদীসকল। লগতে সেই সকলৰ পথো নেদেখুৱাবা, যিসকলে সত্যৰ অনুসন্ধান আৰু সেয়া পোৱাৰ প্ৰয়াসত অৱহেলা কৰাৰ কাৰণে সত্যত উপনীত হবলৈ অসফল হৈছে। যেনে- খৃষ্টানসকল।